Connect with us

Uncategorized

100 best Assamese quotes II on life for Shayari in Assamese

Published

on

100 best Assamese quotes on life

জীৱনটো কি, ইয়াৰ উদ্দেশ্য কি?, সুখী জীৱনৰ ৰহস্য কি?, জীৱনলৈ দুখ কিয় আহে?, জীৱনটো নিঁখুত ভাবে চলিবলৈ কি কি নীতি অৱলম্বন কৰিব লাগে ইত্যাদি প্ৰশ্নৰ উত্তৰ আৰু জীৱন সম্পৰ্কে বিভিন্ন ব্যক্তিয়ে বিভিন্ন বাখ্যা আগবঢ়াইছে। কোনেওঁ স্পষ্টকৈ ইয়াৰ সমিধান কৰিব পৰা নাই। তথাপিও কেইজনমান মহৎ লোকে বহু অধ্যয়নৰ অন্তত “জীৱন (life)” সম্পৰ্কে কিছুমান বাখ্যা দিছে, যিবোৰ আমি প্ৰত্যেকজন ব্যক্তিয়ে অনুকৰণ কৰিব লাগে।

best assamese quotes on life

অসমীয়া Shayari । Some Assamese Quotes on Life with Assamese Quotes Images and Shayari In Assamese ( Assamese Shayari )

 

গৰু ৰচনা:-  Essay on Cow in Assamese || Garu Rachana || গৰু ৰচনা

(১)

যি আজিলৈকে প্ৰেম কৰা নাই,
সি পিৰিতিৰ মৰ্ম কি বুজে,
পিৰিতিৰ কৰ্ম কি বুজে,
পিৰিতিৰ ধৰ্ম কি বুজে,

(২)

পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
দিনে দিনে বাঢ়ে পিৰিতি
নয়ণে নয়ণে ।

(৩)

পাহৰি যোৱা,
সকলো দুখ-বেদনা,
সলনি হ’লেতো
বতৰো ভাল লাগে ।
(৪)
সৰু হৈ থাকোতে,
সন্ধিয়া নামিছিল,
তাৰ পিছত ৰাতি হৈছিল,
এতিয়া কেৱল,
ৰাতিপুৱা হোৱাৰ পিছতে
ৰাতি হৈ যায় ।

best Assamese quotes  on life



(৫)
সলনি হৈ যাব খুজিছা…?
তেতিয়া হলে,
সলনি হৈ যোৱা,
মোৰ ওচৰৰ পৰা গুছি যোৱা,
মোৰ হৃদয়ৰ পৰা ওলাই যোৱা,
কিন্ত্ত….,
ৰ’বা,
অকণমান থমকি ৰোৱা,
এনেকৈ যদি,
মোৰ জীৱনৰ পৰা
আঁতৰি গৈ,
মোৰ হৃদয়ৰ পৰা ওলাই গৈ,
থাকিব পাৰিবা জানো?
আগতে ভাবি লোৱা,
পাৰিবা জানো হবলৈ,
আনৰ তুমি?
যদি নোৱাৰা,
তেন্তে,
মোৰ জীৱনৰ পৰা
আঁতৰি গৈ কি লাভ হব?
আকৌ যদি,
মোৰ জীৱনলৈ ওভতি
আঁহাই,
কিয় যাব খুজিছা ?
তথাপিও আঁতৰি যাব খুজিলে,
নিসংকোচে যাব পাৰা ।
(৬)
ভাবিচিলো,
এখন ঘৰ সাঁজি,
সুখেৰে থাকিম,
কিন্ত্ত,
ঘৰ সঁজাৰ ভাৱে
মোক আজি
জীৱনৰ পথিক
বনাই পেলালে।
(৭)
হেৰাই যাওঁ আহা,
আমি এই পৃথিৱীৰ কৰবাত,
মোৰ হাতেৰে তোমাৰ হাতখন
এনেকৈয়ে ধৰি থাকিবলৈ দিয়া ।
(৮)
এতিয়াটো,
মোৰ এক প্ৰকাৰ
অভ্যাস হৈ গৈছে,
তুমি মোক আঘাট
দি থাকিবা,
আৰু
মই সেইবোৰ সহ্য কৰি
সদায় হাঁহি থাকিম ।
(৯)
কোনোবাই মোৰ বিশ্বাস ভাঙিলে,
আৰু মন,
কিজানি তুমি সলনি হৈ গলা,
মইতো তোমাৰ সকলো
মৌ মিঠা কথা, মিঠা হাঁহি আৰু তোমাৰ সুবাস,
ডায়েৰি’ত লিখি থকা কৰিছিলো,
হ’ব, তুমি নাথাকিলেও,
তোমাৰ বতৰা
মই জোনকে সুধি থাকিম ।
(১০)
মই অজ্ঞানী হব পাৰো,
বুৰ্বুক হব পাৰো,
অবুজ হব পাৰো,
অখ্যাত হব পাৰো,
ক’লা হব পাৰো,
কিন্ত্ত
মোৰ মা’ৰ বাবে,
মইয়ে শ্রেষ্ঠ সন্তান ।

প্ৰেম (Love Quotes)



(১১)
মোৰ প্ৰকৃত বন্ধু হল, “আইনা”
যেতিয়া মই কান্দো,
তেতিয়া ই অন্তঃত নাহাঁহে ।
(১২)
অভাৱ” যেতিয়া দুৱাৰত
আহি ঠিতাপি লয়,
প্ৰেম আৰু ভালপোৱা
তেতিয়া খিৰিকীৰে
ওলাই গুছি যায় ।
(১৩)
জন্মৰ নিমিত্তে সৰু হৈ আছিলোঁ,
আৰু এতিয়া
মৃত্যুৰ নিমিত্তে
ক্ৰমে ডাঙৰ হৈ গৈ আছোঁ ।
(১৪)

জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে,
নিজক সংশোধন কৰা,
আৰু
আটাইতকৈ সহজ কাম হৈছে,
আনক সমালোচনা কৰা।

(১৫)

যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা,
তুমি কোন?
আৰু
যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথাকিব
তেতিয়া এই পৃথিৱীখনে পাহৰি যাব,
তুমি কোন?

(১৬)

প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল,
কাৰণ, যুদ্ধত হয় মৰিম নহলে বাচিম ।
কিন্ত্ত প্ৰেমত মৰিবও নোৱাৰিম, বাচিবও নোৱাৰিম ।

(১৭)

সেই ল’ৰাক জীৱন সংগী বনোৱা,
যাৰ ভৱিষৎ ভাল।
আৰু
সেই ছোৱালীক জীৱন সংগীনি বনোৱা,
যাৰ অতীত ভাল ।

(১৮)

“গোলাপ” যেনেকৈ এক প্ৰকাৰৰ বিশেষ ফুল,
ঠিক তেনেকৈ
“বন্ধু” হল এক প্ৰকাৰৰ বিশেষ মানুহ।

(১৯)

থমকি নৰবা,
তুমি যিমান ভাবা,
জীৱনটো তাতকৈ বহু বেছি
গতিৰে আগুৱাই গৈ আছে।

(২০)

৫ টকীয়া নোটৰ দৰে
হৈ গৈছে জীৱনটো,
চলে,
কিন্ত্ত ফটা অৱস্হাত।

প্ৰেম (Love Quotes)

(২১)

আমাৰ চকুজুৰিয়ে,
সাধাৰণতে,
সেইবোৰ বস্ত্তহে পচন্দ কৰে,
যাক সহজতে পাবলৈ কঠিন।

(২২)

যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়,
কিছু ক্ষণ হৃদয়েৰে ভাবা,
আৰু ,
বিবেকৰ লগত সংলগ্ন কৰা,
সমাধান ওলাই পৰিব।

(২৩)

জীৱনত এজন পাৰ্টনাৰ
থকাটো খুবেই জৰুৰী,
নহলে মনৰ কথাবোৰ,
ষ্টেটাচ্ ত লিখোতেই যাব।

(২৪)

ব্যক্তি এজনে জীৱনত
দুটা বস্ত্তৰ লগতে হাৰি যায়,
এটা হল, সময়,
আৰু
আন এটা হল প্ৰেম,
সময় কেতিয়াওঁ কাৰো নহয়,
আৰু
প্ৰেম কেতিয়াওঁ সকলোৰে নহয়।

Assamese Facebook status for life

(২৫)

যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব,
তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।

(২৬)

জীৱনত চলাচল কৰিবৰ বাবে দুটাই ৰাস্তা ,
এটা হল সহজ, মসৃণ, চাঁৰে ভৰা,
আনটো হল,
কঠিন, ওখোৰা-মোখোৰা, কণ্টক ভৰা।

প্ৰথম ৰাস্তাটোৰে গলে সহজেই দ্ৰুত গতিৰে গৈ থাকিব পাৰি কোনো কষ্ট নোহোৱাকৈ জীৱনৰ তাৎক্ষণিক মজা লৈ । এই পথৰ প্ৰত্যেকটো ক্ষণতে আনন্দ অনুভৱ হয় । জীৱনটো অইনক কষ্ট দি হলেও নিজৰ ইচ্ছা, আনন্দ আদিৰ পুৰ্তিৰ বাবেহে বুলি ভাব হয় ।

আৰু
দ্বিতীয় ৰাস্তাটোৰে গলে প্ৰথমতে অশেষ কষ্ট অনুভৱ হয়, পদে পদে কাঁইট, কেতিয়াবা হয়টো ৰাস্তাটো এনেদৰে বন্ধ হৈ যোৱা নিচিনা লাগিব,যে সেই স্থলত নিজেই ৰাস্তাটোৰ বাধাবোৰ আঁতৰাই হয়টো আগবাঢ়ি যাবলগীয়া হব পাৰে । এইটো ৰাস্তাত চলাচলৰ গতিবেগ সাধাৰণতে ধীৰ । কিন্ত্ত এই ৰাস্তাটোৰে কিছুদূৰ আগবঢ়াৰ পিছত পিচ হোহকিব লগীয়া নহয় । কিয়নো যাত্ৰাৰ আৰম্ভণিৰ পৰা পাই অহা বিভিন্ন বাধাবোৰ অতিক্ৰম কৰি অহা এক প্ৰকাৰ অভ্যাস হৈ যায়। সৰু সৰু সমস্যাই ব্যতিব্যস্ত নকৰে ।

কিন্ত্ত,
প্ৰথম ৰাস্তাটো চুটি আৰু কিছুদূৰ যোৱাৰ পিছত এই ৰাস্তাৰ শেষত আছে অন্ধকাৰ দ’ খাৱৈ । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজ স্বাৰ্থ সিদ্ধি কৰে আৰু ই ক্ষণস্হায়ী ।

আৰু আনহাতে,
দ্বিতীয় ৰাস্তাটো অতিকৈ দীঘল, ইয়াৰ শেষ নাই । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজৰ লগতে অইনৰো( বিশেষকৈ পৰিয়াল) স্বাৰ্থ সিদ্ধি কৰে । ইয়াত শান্তি আছে, ইয়াত জ্ঞাণ আছে, ই জীৱনৰ মূল্য শিকায়, ই জীৱনৰ উদ্দেশ্য শিকায়, ই জীৱনটো সুচাৰুৰূপে চলাবলৈ শিকায় আৰু এই পথ দীৰ্ঘস্হায়ী ।

(আপুনি কোনটো পথ বাচনি কৰিব, নিজেই বিবেচিত কৰক)

(২৭)

সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে,
আৰু
অসফলতাই জগতখনক আমাৰ লগত
পৰিচয় কৰাই দিয়ে।

(২৮)

Assamese Quotes on life

আত্মবিশ্বাস আৰু কাৰ্য্যদক্ষতাৰে আমি নিজৰ ভাগ্য নিজে লিখি লোৱা উচিত,
ইয়াৰ বিপৰীতে বৰ্তমানৰ পৰিস্হিতিয়ে আমাৰ ভাগ্য লিখি দিব।

(২৯)

আপুনি এই বুলি কোৱাটো এক ভ্ৰমৰ বাহিৰে আন একো নহয়,
যে,
“মোৰ হাতত সময় নাই”
কাৰণ,
পৃথিৱীৰ সফল আৰু মহান ব্যক্তি সকলৰ হাতটো “২৪ ঘণ্টা” সময়েই থাকে, যিটো আপোনাৰ হাতটো থাকে ।

প্ৰেম (Love Quotes)

(৩০)

সফলতাৰ ৰাস্তা দূৰৰ পৰা বন্ধ থকা যেনে লাগে,
কাৰণ আমি সেইটো ৰাস্তাত যাত্ৰা আৰম্ভ কৰাই নাই,
সফলতাৰ ৰাস্তাৰ দুৱাৰখন তেতিয়াহে খোল খাব যেতিয়া আমি একেবাৰে তাৰ কাষ পাম।

(৩১)

ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায়,
কোনো আপোন নহয়,
আৰু
মনত ভাবি ললে,
কোনো পৰ নহয়।

(৩২)

যেতিয়ালেকে আমি অলপ অলপ বুজিব ধৰো যে,
জীৱনটো কি?
তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়।

(৩৩)

উপৰ্য্যুপৰি সফলতা’ই
হ’ল আচলতে
প্ৰকৃত প্ৰতিশোধ

(৩৪)

জীৱনটো নিজক বিচৰাৰ বাবে নহয়,
জীৱনটো নিজক সৃষ্টি কৰাৰ বাবেহে।

(৩৫)

জীৱনটো আচলতে সৰল,
আমিহে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ।

(৩৬)

জীৱনৰ পৰিস্হিতিত কেতিয়াবা এখন দৰ্জা বন্ধ হৈ গলে আন এখন খোল খায়,
কিন্ত্ত,
তৎসত্বেও আমি বন্ধ হৈ যোৱা দৰ্জাখনৰ পিনে চাই অনুতাপ কৰি বহি থাকো,
তথাপিও,
আমি ইতিমধ্যে আমাৰ বাবে খোল খোৱা দৰ্জা খনৰ পিনে লক্ষ্য নকৰো।

(৩৭)

আমাৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে,
য’ত আমি বাচনি কৰিব লগা হয়,
যে,
কিতাপখনৰ পাত লুটিয়াম
নে,
কিতাপখন বন্ধ কৰিম।

Assamese Quotes on life

(৩৮)

নাকান্দিবা,
যি হবলৈ আছিল ইতিমধ্যে হৈ গল,
হাঁহা,
কাৰণ এনেকুৱা হৈয়েই।

(৩৯)

পিতৃ-মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হবা,
নহলে গোটেই জীৱন যুঁজত তুমি জয়ী হৈও হাৰি যাবা

(৪০)

কেতিয়াবা প্ৰশ্নবোৰ অতিকৈ জটিল হয়,
আৰু
ইয়াৰ উত্তৰবোৰ তেনেই সৰল।

প্ৰেম (Love Quotes)

(৪১)

জীৱনটো আচলতে,
এখন চাইকেল চলাই থকাৰ নিচিনা,
ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল্ মাৰি থাকিবই লাগিব।

(৪২)

“মই জীয়াই থকা জীৱনটো বিচাৰ কৰিবলৈ তুমি কোন?”
মই জানো মই নিঁখুত (perfect) নহয়,
কিজানি মই জীয়াই থাকিব নিবিচাৰো।
কিন্ত্ত,
মোৰ পিনে আঙুলি টোওৱাৰ আগতে নিজৰ হাতখন চাই লবা কিমান চিকুণ।

(৪৩)

quotes on life in assamese

(৪৪)

জীৱনটো WhatsApp ৰ
” Last Seen” ৰ নিচিনা,
সকলোৱে নিজৰটো লুকাব খোজে,
আৰু
আনৰটো চাব খোজে।

(৪৫)

দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে,
জীৱনে নহয়।

(৪৬)

খঙৰ ধুমুহাৰ কোব এনে ধৰণৰ হয়,
যি বুদ্ধিৰ চাকিগচি নুমাই পেলায়।

(৪৭)

সম্বন্ধ যিমানেই বেয়া নহওঁক কিয়,
ইয়াক একেবাৰে চিঙি পেলাব নালাগে,
কিয়নো,
অপৰিস্কাৰ পানী খোৱাৰ উপযোগী নহলেওঁ,
জুই নুমুৱাৰ বাবে উপযোগী হয় ।

(৪৮)

এটাৰ লগত আনটো খোপ্ জোৰা লগাই গলে শিকলি তৈয়াৰ হৈ যায়,
“কৰ্ম আৰু পৰিশ্রম”ক জোৰা লগাই গলে ভাগ্য তৈয়াৰ হৈ যায় ।

(৪৯)

“ধনবান” হবলৈ এক এক কণ সংগ্ৰহ কৰিব লগা হয়,
আৰু
“সফল ব্যক্তি” হবলৈ এক এক ক্ষণ সদ্উপয়োগ কৰিব লগা হয়।

quotes on life in assamese

(৫০)

এটি প্ৰশ্নৰ ইয়াতকৈ ভাল উত্তৰ আৰু কি হব পাৰে-

প্ৰশ্নটো আছিল এনে ধৰনৰ
“গাওঁ আৰু চহৰৰ মাজত তফাৎ কি?”

উত্তৰ : – গাওঁত কুকুৰ ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰে আৰু গৰু ঘৰত আদৰেৰে পালা হয় য’ত নেকি চহৰত গৰু ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰে আৰু কুকুৰ ঘৰত আদৰেৰে পালা হয় ।

(৫১)

নদীৰ পানী মিঠা,
কিয়নো ই সদায় প্ৰদান কৰি থাকে।

সাগৰৰ পানী লুণীয়া,
কিয়নো ই সদায় শোষণ কৰি থাকে।

নলাৰ পানী দুৰ্গন্ধময়,
কিয়নো ই সদায় ৰৈ থাকে।

জীৱনটোও আচলতে এয়েই,

যেতিয়ালৈকৈ প্ৰদান কৰি থাকিবা,
তেতিয়ালৈকে সকলোৰে বাবে তুমি মিঠা হৈ ৰ’বা।

যেতিয়া শোষণ কৰিবা,
সকলোৰে বাবে তুমি তিতা (লুণীয়া) হৈ ৰ’বা।

যেতিয়া ৰৈ যাবা,
সকলোৰে বাবে তুমি নিৰস (দুৰ্গন্ধময়)
হৈ ৰ’বা।

quotes on life in assamese

আপোনালোকক ভাল লাগিলে Share কৰিবা আৰু চৰকাৰী চাকৰী খবৰৰ বাবে আমাৰ ওেবছাইট Visit কৰিবা CareerInassam.in

Assamese Status for Facebook

বহুতো কব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায় প্ৰেম ভালপোৱা বোৰে আৰম্ভ হয় এটা Emoji পৰাই ।

 

কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস ।

 

শাসন তেওঁহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভালপোৱা হয় ।

 

জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।

 

কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।

 

শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।

 

মৃত্যৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা “মা” ।

 

যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।

 

উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।

 

হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি Love React অতি মূল্যৱান ।

 

তুমি মোৰ First Love নাছিলা, কিন্তু মই কথা দিলোঁ তুমিয়ে মোৰ Last Love থাকিবা ।

 

সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।

 

এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।

 

তোমাৰ Message আহিলে মাথোঁ মোৰ মোবাইল Vibrate নহয়, মোৰ হৃদয়খনো Vibrate হয় ।

 

সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি ।

HAPPY FRIENDSHIP DAY STATUS IN ASSAMESE 2020 FOR WHATSAPP STATUS

 

মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট ।

 

মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।

 

ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে ।

 

জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব আৰু বহুত care লব ।

 

প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় ।

 

তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে ।

 

জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।

 

সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা ।

 

তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।

 

সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই ।

 

তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।

 

প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয় ।

 

সেইজন মানুহ বহুত SPECIAL হয় । যি নিজে ভাঙি যোৱাৰ পিছতো আনক সুখ দিবলৈ নেৰে ।

 

পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।

 

অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায় ।

 

জীৱনত সুখী হবলৈ মোক বিশেষ একো নালাগে, মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি ।

 

টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যি মোক শুবলে নিদিয়ে ।

 

যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয় ।

 

যিমানেই JIO নাথাকক কিয় ? AIRCEL ৰ সেই ৯টকাৰ SMS PACK ৰে আৰম্ভ হোৱা প্ৰেমৰ অনুভূতি বিলাকেই বেলেগ আছিল ।

 

সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনত নষ্ট নকৰিবা কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ

 

সকলোতকৈ সুখী ব্যক্তি সেইজন যাৰ প্রিয় জনে তাক বুজি পায় ।

 

কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব ।

 

প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব

 

এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।

 

সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।

 

সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।

 

এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।

 

চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি ।

 

তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।

 

ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।

 

প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।

 

শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে ।

 

অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।

 

মই অকলশৰীয়া কিয় হম , ১০ মাহ ১০ দিন গৰ্ভধাৰণ কৰি মোক জন্ম দিয়া “মা” এতিয়াও মোৰ কাষত আছে |

 

দামী দামী উপহাৰৰ টোপোলা নালাগে মোক সাহস যদি আছে, শিৰত আঁকি দিবা সেন্দুৰৰ ৰঙা বোল ।

 

ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, “ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।

 

ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।

 

হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ ।

 

Emotional Assamese Status

অনুভূতিবোৰ আগৰ দৰেই আছে তুমি সলনি হৈ গলা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল ।

 

ভুল এটা কৰিলে গালি পাৰি দিয়া একো বেয়া নাপায়, কথা পতা বন্ধ কৰি নিদিবা বহুত কষ্ট পায় ।

 

দুখীয়া হলে সকলোৱেৰে আগত সৰু হৈ চলিব লাগিব – এইয়াই বাস্তৱ ।

 

প্ৰেম, কেতিয়াও সন্দেহ হব নোৱাৰে, সন্দেহ তো তুমি মোক বা মই তোমাক কৰোঁ ।

 

প্ৰেম হোৱাৰ কাৰণটো ধৰিব নোৱাৰাৰ বাবেই চাগে আজি, বিচ্ছেদৰ কাৰণ মই বুজিব নোৱাৰিলোঁ ।

 

তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে?কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো ।

 

আৰু অলপো অভিযোগ নাই মোৰ তোমাৰ ওপৰত, কি লাভ আছে কোৱা অভিযোগ কৰি, যত মোৰ অভিমানৰেই অকণো মূল্য নাই ।

 

তোমাক পোৱাৰ কথা নাছিল কেতিয়াও, সেইবুলিয়েই কিন্তু হেৰুৱাৰ কথাওটো নাছিল ।

 

সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি ভাগি থৈ গুচি যায় ।

 

কাৰোবাৰ অবিহনে সুখী হব নোৱাৰো বুলি জনাৰ পাছতো অকলশৰে সুখী হবলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হল মোৰ জীৱন ।

 

প্ৰয়োজন শেষ হল বুলিয়েই মোক পাহৰি নাযাবা, দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হবও পাৰে ।

 

যেতিয়া নিথৰ হব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা, দুখ লাগে এইকাৰণেই যে তোমাৰ চকুলো মচি দিবলৈ মই তোমাৰ উচৰত নাথাকিম ।

 

ধনী মানুহে বুজি নাপায় দুখীয়াৰ চিঞৰ,সেইবাবেইটো ভোকাতুৰ লৰা/ছোৱালীৰ কাতৰ অনুৰোধৰ পাছতো বন্ধ হৈ যায় গাড়ীৰ দুৱাৰ ।

 

আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ ।

 

কি যে অদ্ভূত তাই, হৃদয়খন কাঢ়ি নিলে আৰু কৈছে, তুমি সুখী হোৱা ।

 

অকলশৰীয়া তেওঁ নহয়, যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা-দেউতা নাই ।

 

নিজৰ প্ৰয়োজনত আপোন বুলি ভাবাজনে অপ্ৰয়োজনত আপোনাক অচিনাকি বুলি কবলৈও কুণ্ঠাবোধ নকৰে ।

 

মই হৰি গলোঁ আজি তোমাৰ ওচৰত, কাৰণ, তোমাৰ মৰম ভালপোৱা কিনিবলৈ সিমান ধন-সোণ, সা-সম্পত্তি মোৰ নাই ।

 

অৰ্থহীন প্ৰেমক লৈ জীয়াই থকাতকৈ সপোনৰ জগতত জীয়াই থকাই ভাল ।

 

প্ৰায় প্ৰতিজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে ,যিটো Delete কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায় ।

 

বন্ধুত্বৰ পিছত ভালপোৱা, বহু সুন্দৰ হয় । কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ ।

 

আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে ।

 

বৰষুণ আৰু প্ৰেম একেই ; বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে ।

 

আচলতে, যি মানুহৰ মনটো পৰিষ্কাৰ হয়, সেই মানুহৰ ভাগ্য একেবাৰে বেয়া হয় ।

 

তোমাৰ অবিহনে জীয়াই থকাটো বহু কঠিন আৰু এই কথা তোমাক কোৱাটো তাতকৈয়ো কঠিন ।

 

এটা সঁচা কথা যে যি হৃদয়েৰে সঁচা তেঁওয়েই প্ৰথমে “Sorry” কয় ।

 

তুমি মোৰ নামটো জানা, মোৰ কাহিনী নাজানা, তুমি মোৰ হাঁহিবোৰ দেখা, দুখবোৰ দেখি নোপোৱা, তুমি মোৰ ওঁঠদুটিক পঢ়িব পাৰিব মনটোক নোৱাৰা ।

 

যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয় “দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে ” ।

 

ভুল মানুহৰ লগত আগবাঢ়ি যোৱাতকৈ অকলশৰে বহি থকা ভাল ।

 

জীৱনৰ সৰু সৰু সুখবৰ সেইজনহে ভালকৈ উপভোগ কৰিব পাৰে যিজনে জীৱনৰ দুখবোৰ গ্ৰহণ কৰে আৰু সহ্য কৰে ।

 

প্ৰতিটো বিষদেই একোটা পাঠ আৰু প্ৰতিটো পাঠেই এজন মানুহক সলনি কৰি পেলায় ।

 

সেইজনৰ বাবে কেতিয়াও নাকান্দিব যিজনে চকুৰপানীৰ মূল্য নুবুজে ।

 

আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ সৰি পৰে আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুচকুৰে চকুপানী হৈ নিগৰি আহে ।

 

অসহায় সেইজন যাক বুজি পোৱা কোনো নাথাকে ।

 

মধ্যবিত্ত পৰিয়ালৰ মানুহ বোৰেহে জানে সকলো সমস্যা আৰু হাজাৰ কষ্টৰ মাজেৰে থাকিও কেনেদৰে হাঁহিৰ মুখেৰে জীয়াই থকা হয় ।

 

আচলতে মই বেয়া নাছিলোঁ, পৰিস্থিতিয়ে মোক বাদ্য কৰালে বেয়া হবলৈ ।

 

মা সেইদিনাও কান্দিছিল লৰাই ভাত নাখাও বুলি কোৱাৰ বাবে, মা আজিও কান্দে লৰাৰ পৰা এমুঠি ভাত নোপোৱাৰ বাবে ।

 

দৰিদ্ৰতা সকলোতকৈ ভয়ংকৰ বস্তু যিয়ে বাস্তৱতাৰ কি তাক শিকাই দিয়ে ।

 

কাৰোবাক ইমান বেছি ভাল পাই নেপেলাব কাৰণ তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰিব ।

 

কাৰোবাৰ ওচৰত মূল্যহীন হৈ থকাতকৈ দূৰত গুচি অহাই বহুত ভাল অন্তত নিজৰ আত্মসন্মানটো ৰক্ষা পাব ।

 

সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কঁপালখন বহুত বিয়া ।

 

মোৰ জীৱনৰ ডাঙৰ সমস্যা এটাই মই অতি সোনকালে মানুহক বিশ্বাস কৰি পেলাওঁ ।

 

এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই ।

 

সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ,অসন্মান,স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে ।

 

মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সকলো মানুহক মোৰ দৰেই বুলি মই ভাবো ।

 

ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে , এতিয়া কৰি আছো নিজৰ সুখৰ বাবে ।

 

জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল,তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল ।

মনেও তাকেই বিচাৰে , যিয়েই আমাৰ ভাগ্যতে নাথাকে।

 

মিছা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখান বহুতেই ভাল ।

প্ৰয়োজন শেষ হলে, এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায় ।

কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে ।

আচৰিত আমাৰ জীৱনটো এদিন মৰিবৰ কাৰণে গোটেই জীৱন জীয়াই থাকিব লাগে ।

আজিৰ সমাজত টকা সংগ্ৰহ কৰাটো সহজ কিন্তু সংস্কসাৰ সংগ্ৰহ কৰিবলৈ বহুত কঠিন ।

 

প্ৰকৃতি বোবা নহয়, আচলতে আমি মানুহবোৰহে কলা যিয়ে প্ৰকৃতিৰ শব্দ শুনা নাপায় ।

‌বিশ্বাসঘাটকতা কৰিলেও মনত ইমান কষ্ট নহয়, যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয় ।

তোমাক যে মই বেয়া পাম নাভাবিবা কাৰণ তুমি সেইটোৰো যোগ্য নহয় ।

কাৰোবাৰ কথা কিবা কোৱাৰ আগত সত্যটো জানিবলৈ চেষ্টা কৰা, কিয়নো, অনুমান কৰি কোৱা কথা সকলো সময়তে শুদ্ধ নহবও পাৰে ।

দুশ্চিন্তাই মানুহক তিল তিল কৈ মাৰে ।

মনৰ পৰা বেয়া নহয় মই মাথোঁ কিছুমান মানুহৰ পচন্দৰ নহয় মই ।

মোৰ বেয়া পোৱা মানুহ বেছি কাৰণ নাই অভিনয় কৰিব নাজানো ।

 

বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয় ।

 

যেতিয়া মুখৰ কথাৰ কোনো গুৰুত্ব নাথাকে,তেতিয়া মৌনতাই শ্ৰেষ্ঠ উত্তৰ ।

অকলশৰে আৱদ্ধ কোঠাত নীৰৱে কন্দা ৰ সমান কষ্ট আৰু বেলেগ নাই ।

এই Digital সময়ত মেছেজৰ লেহেমীয়া Reply য়ে কাৰোবাৰ ভাল লগা মুহূৰ্ত বোৰকো নাইকিয়া কৰি পেলায়।

 

সমাজৰ কথা নাভাবিবা “মানুহে কি কব “,সমাজটো ভগৱানকো দোষী সাজে, আৰু তুমি মই সাধাৰণ মানৱ হে ।

নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ লব ভালকৈ জানে ।

বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয় ।

দুখীয়া হলেও মানুহে ওচৰৰ সম্পৰ্ককো লুকাই কিন্তু ধনী হলে মানুহে আঁতৰৰ সম্পৰ্ককো বুকু ফিন্দাই চিনাকি দিয়ে ।

কিছুমান দুখ একান্ত ব্যক্তিগত, যিটো বিচাৰিলেও কাৰো লগত Share কৰিব নোৱাৰি ।

দুখ তেতিয়াই লাহে যেতিয়া দুইজন Online থাকো অথচ ইজনে সিজনক Message নকৰো । যত কল্পনা শেষ তাৰ পৰাই বাস্তৱতাৰ আৰম্ভণী ।

সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ, আৰু নিজানত অকলে হাঁহিব নোৱাৰো ।

এই পৃথিৱীত ভাল মানুহবোৰে বেছি কষ্ট পায়, কাৰণ, তেওঁলোকে কাকো ঠগিব নাজানে ।

আজিকালি মিছা কথাতকৈ সঁচা কথা কলে সম্পৰ্ক বেছি নষ্ট হয় ।

সম্পৰ্ক এখন কাঁচৰ দৰে, এবাৰ ফাটি গলে যিমানেই যি নকৰা দেহটো থাকিয়েই যায় ।

যোগ্যতাত কৈ বেছি পালে মানুহে তাৰ উচিত মূল্য দিব নোৱাৰে ।

সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে ।

মই কম দামী হয় কিন্তু নকল নহয় ।

 

মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, নিজৰ ভুলৰ বাহিৰে ।

ইতিহাস সাক্ষী আছে, যাক বেছি ভালপোৱা যায়, সি মাত্ৰ তোমাৰ স্মৃতি হৈ থাকিব, সংগী হৈ নহয়।

এতিয়া সহজেই পাৰো কঠিন পৰিস্হিতিৰ সন্মুখীন হব‌, আঘাতৰ মাজেৰেই হাঁহিবলৈ, চা মা মই বুজা হলো ।

 

কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ ।

সকলো বস্তু জোৰ কৰি পাব পাৰিলেও ভালপোৱা কেতিয়াও জোৰ কৰি পাব নোৱাৰি ।

স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হলেও, সকলোৱে কথাষাৰ বুজি পায় ।

যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয় ।

কোনেনো বিচাৰে নিজক সলনি কৰিব, কাৰোবাক প্ৰেমে সলনি কৰে আৰু কাৰোবাক ঘৃণাই ।

 

আপুনি কাৰোবাৰ ১০০টা ভাল কৰক আৰু তেওঁৰ লগত এটা বেয়া কৰক , তেওঁ সদায় আপোনাৰ বেয়াটো মনত ৰাখিব আৰু ভালখিনি পাহৰি যাব ।

ভুল মানুহক ভাল পোৱাতকৈ, জীৱনত অকলে থকা বহুত ভাল ।

দুদিনৰ চিনাকিতে কাৰোবাক একেবাৰে বুকুৰ আপোন বুলি ভবাটো, আচলতে মূৰ্খামী ।

সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই আচৰণেই যথেষ্ট।

আচলতে হৃদয় ডাঙৰ হোৱা প্ৰয়োজন, কথাটো সকলোৱে বৰ ডাঙৰ ডাঙৰ কৰে ।

 

জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি লবলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।

ব্যয়মানী অচিনাকি মানুহে কেতিয়াও নকৰে, বেইমানী কৰে সদায় নিজৰ আপোন মানুহবোৰে ।

 

কন্যা সন্তান কোনোৱে নিবিচাৰে, কিন্তু বিছনাত এগৰাকী নাৰীক সংগী হিচাপে সকলোকে লাহে ।

 

কন্যা সন্তান কোনোৱে নিবিচাৰে, কিন্তু বিছনাত এগৰাকী নাৰীক সংগী হিচাপে সকলোকে লাহে ।

যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হব নোৱাৰে ।

 

সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ ।

 

অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা ।

 

যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।

 

মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হবলৈ বাধ্য কৰে ।

বস্তুবাদী সমাজৰ সংজ্ঞা, বটলৰ পানীৰ দাম আছে কিন্তু চকুপানীৰ দাম নাই ।

 

মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান ?

অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয় ।

 

হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।

 

ভালপোৱাত সদায় দুজন ব্যক্তিহে সুখী হয়,তৃতীয় জন সদায়েই নিজৰ মাজতে মৰি মৰি জীয়াই থাকে ।

 

কিছুমান মানুহ হৃদয়ত থাকে কিন্তু কপালত নাথাকে ।

নোপোৱাকৈ হেৰুৱাৰ বেদনা সেইজনক সোধক যিয়ে এপক্ষীয় প্ৰেম কৰিছে।

প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা কলেও, আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে ।

 

কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকাই ।

 

সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।

 

খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।

 

সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিছুমান কথাৰ উত্তৰ মৌনতাৰেও দিয়া যায় ।

কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন ।

অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকা বহুত ভাল ।

 

নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।

 

দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।

তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা, যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা ।

এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায় ।

 

সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান ।

সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায় ।

 

এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট ।

তেতিয়া বেছি কষ্ট অনুভৱ কৰোঁ যেতিয়া সঁচা কথা কোৱাৰ পাছতো কোনোৱে মোক বিশ্বাস নকৰে ।

 

দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।

 

সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।

 

কেতিয়াবা কিছুমান মুহূৰ্তত নিজৰ ভুল নাথাকিলেও আগবাঢ়ি গৈ নিজেই ক্ষমা খোজাটো জ্ঞানী মানুহৰ পৰিচয় ।

সম্পৰ্কৰবোৰ আৰম্ভ হবলৈ বহু সময় লাগে কিন্তু ভাঙিবলৈ এক ছেকেণ্ড নালাগে ।

যিয়েই আপোনাৰ প্ৰেমক গুৰুত্ব নিদিয়ে , তেওঁ আপোনাৰ ভালপোৱাৰ যোগ্যই নহয় ।

 

ভাল কিতাপক আৰু ভাল মানুহক সকলোৱে সহজতে বুজি নাপায় ।

 

জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।

মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।

যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায় সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত নাৰাখিব অন্যথা আপুনি আঘাত পোৱাটো স্বাভাৱিক ।

 

জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো ।

আনৰ সুখৰ কাৰণ হওক কিন্তু অংশীদাৰ নহব, আনৰ দুখৰ অংশীদাৰ হওক, কিন্তু কেতিয়াও কাৰণ নহব ।

মই আচলতে অহংকাৰী নহয় কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো যাৰ বাবে মই গুৰুত্বহীন ।

দিনৰ পোহৰত নহয় ৰাতিৰ আন্ধাৰত নাৰীক সন্মান কৰিব শিকক ।

আগতে মানুহৰ ঘৰবোৰ সৰু আছিল, মনবোৰ ডাঙৰ আছিল, কিন্তু আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ যদিও মনবোৰ সৰু হৈ গৈছে ।

তেওঁৰ অনুপস্থিতিত উকা মোৰ দিন, ৰাতি প্ৰতিটো সন্ধ্যা বৰ কষ্ট, বৰ কষ্টৰে পাৰ কৰিছো মিনিটৰ পাছত মিনিট কিম্বা দিনৰ পাছত বছৰ ।

নিজকে খুব অৱহেলিত অনুভৱ হয়, যেতিয়া দিনটোৰ ব্যস্ততাৰ পিছতো ৰাতি তোমাৰ এঘণ্টাৰ টোপনিৰ আগত মোৰ দিনটোৰ অপেক্ষা পৰাজিত হয় ।

 

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত ।

 

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত ।

 

যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব ।

 

আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয় ।

মুখেৰে একো নকলেও চকুৰ ভাষায় কয় আছে বহু অভিমান জমা, এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা ?

 

যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে । কাৰণ তেওঁ জানে কষ্ট কি ।

 

দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয় ।

আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্তুহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন।

অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা, কাৰন সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য দেখা নোপোৱা কৰি তুলিছে ।

 

দুখীয়াৰ কোনো বন্ধু নাই, সঁচা ভালপোৱাৰ কোনো মূল্য নাই ।

 

সম্পৰ্ক এটা শেষ হবলৈ এক মিনিটৰ প্ৰয়োজন, কিন্তু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন ।

” I Hate You ” বুলি গাৰ সমস্ত জোৰেৰে হাজাৰ বাৰ চিঞঁৰি কলেও হৃদয়খনে নামানে তোমাক যে মই ঘিণ কৰোঁ ।

যি হয় ভালৰ কাৰণে হয় , সেই আশ্বাসলৈয়েইটো জীয়াই আছো, অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই হত্যা কৰি পেলালেহেঁতেন মোক ।

 

তুমি কাজিয়াবোৰৰ মাজত লুকাই থকা মৰমখিনি চিনিব নোৱাৰিলা ।

 

মৰমবোৰে সহায় নকৰিবও পাৰে, কিন্তু আঘাতবোৰে মানুহ চিনিপোৱাত সহায় কৰে ।

আনৰ সুখৰ বাবে নিজৰ মাজত নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে … সেয়া কেৱল সেই আত্মহত্যাকাৰীজনেহে জানে।

কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে, আচৰিত এই জীৱনৰ পৰিক্ৰমা, কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আৰু কিছুমানে বিশ্বাস কৰি কান্দে ।
Assamese Status About Life

 

ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।

ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।

যিদিনা নাৰী নিৰ্যাতন , ধৰ্ষণ বিলুপ্ত হব, সিদিনাখননেই প্ৰকৃত নাৰী শক্তিৰ আৰাধনা সাৰ্থক হব ।

 

নালাগে যথেষ্ট ধন সম্পদ, নালাগে এই নিষ্ঠুৰ যৌৱন, পাৰিলে মোক উভতাই দিয়া সেই সোণোৱালী শৈশৱ।

জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয় ।

সেই ল’ৰাক জীৱন সংগী বনোৱা, যাৰ ভৱিষৎ ভাল। আৰু সেই ছোৱালীক জীৱন সংগীনি বনোৱা, যাৰ অতীত ভাল ।

তিনিটা বস্তু জীৱনত কেৱল এবাৰহে পোৱা যায় – পিতৃ, মাতৃ আৰু যৌৱন । তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে – জন্ম, মৃত্যু আৰু সময় ।

 

আমি মানুহবোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন, আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন ।

এই পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে পৰিয়াল আৰু প্ৰেম ।

 

মোক বেছিকৈ একো নালাগে মই মোৰ মা-দেউতাক সুখী কৰিব পৰাকৈ কিবা এটা কৰিব পাৰিলে মই তাতে সন্তুষ্ট ।

অহংকাৰ ৰূপৰ ওপৰত নহয় গুণৰ ওপৰত কৰা হে উচিত ।

আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হব লাগিব ।

জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময় যিয়েই ক্ষণে ক্ষণে শিক্ষা দি যায় ।

মৃত্যুলৈ ভয় নকৰোঁ কিন্তু সপোনবিলাক হেৰাই যায় বুলিয়েহে ভয় লাগে ।

আত্ম হত্যা নহয় স্মৃতি হত্যা কৰক, তেতিয়াহে সুখী হৈ জীয়াই থাকিব পাৰিব ।

জীৱনত মা দেউতাক ভাল পাবলৈ শিকা তোমাৰ দুখৰ সময়কণত কোনো নাথাকিলেও সদায় মা দেউতা তোমাৰ লগত থাকিব ।

মনৰ আইনখন চাফা কৰি ৰাখিবা নহলে কেতিয়া বা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাব ।

 

সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰে ।

ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুনেই বেছি ।

‘মা’ মানে মোৰ জীয়াই থকাৰ দ্বিতীয় ‘Oxygen’ ।

প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে ।

আজিৰ দিনত এটা সঁচা আৰু অটুত সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম ।

মা-দেউতাৰ মান সন্মান, নিজৰ আত্মসন্মানতকৈ প্ৰেম, ভালপোৱা কেতিয়াও ডাঙৰ হব নোৱাৰে ।

শিক্ষিত হৈ কি লাভ যদি মুখৰ ভাষাই ঠিক নহয় ।

ভালে থকাৰ এটা প্ৰধান উপায় Single জীৱন যাপন কৰা ।

Maturity মানে হল ভালে নাথাকিলেও ভালে আছোঁ বুলি সদায় মিছা কোৱা ।

 

ভুল সেইজনৰ হয় যি পৰিশ্ৰম কৰে, অকৰ্মীৰ জীৱনটো আনৰ বেয়াবোৰ খুছৰি থাকোঁতেই শেষ হৈ যায় ।

 

Life is beautiful যদিহে নিজৰ জীৱনটোক সুন্দৰকৈ সঁজাব জানিছা ।

টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে ।

দেউতা ধনী হওঁক বা দুখীয়া, কিন্তু সন্তানৰ বাবেটো দেউতাক এজন ৰজা হয় ।

এজন মহান ব্যক্তি ক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই ।

যিয়ে প্ৰতাৰণা কৰে এদিন তেওঁ প্ৰতাৰিত হয়, পাৰ্থক্য মাথো সময়ৰ ।

জীৱনটো এখন চাইকেল চলোৱাৰ দৰেই, BALANCE বনাই ৰাখিব হলে আপুনি চলাই থাকিব লাগিব ।

জীৱনটো তেওঁৰ বাবে সহজ যি বাস্তৱৰ লগত মুখামুখি হৈছে, কাৰণ বাস্তৱ যথেষ্ট কঠিন ।

জীৱন সগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাহে প্ৰয়োজন হয় ।

সত্য আৰু ধৈৰ্য্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে ।

একমাত্ৰ সময়ে চিনাকি দিয়ে, কোন, কাৰ,কিমান আপোন ?

যেতিয়া তুমি আনৰ ভাল চিন্তা কৰিবা তেতিয়াহে আনেও তোমাৰ ভাল চিন্তা কৰিব ।

কৰোবাক যদি তুমি অকণমানো মনত সুখ দিব নোৱাৰা, তেন্তে কাৰো অন্তৰত দুখ দিয়াৰ অধিকাৰো তোমাৰ নাই ।
সুন্দৰ সেই হাতখন যি হাতেৰে আনৰ বিপদত হাত আগবঢ়াব পাৰে ।

 

মানুহে সময় সলনি কৰিব নোৱাৰে যদিও কিন্তু সময়ে মানুহক সলনি কৰি দিয়ে ।

 

হীৰাতকৈও দামী মাৰ চকুপানী, ছায়াতকৈও শীতল, মাৰ চাদৰৰ আঁচল।

পুৰুষ হল এটা পৰিয়ালৰ মগজু, নাৰী হল পৰিয়ালৰ মেৰুদণ্ড, মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে ।

 

পইচা এদিন হলেও ঘটি লব পাৰে, কিন্তু স্বভাৱ কেতিয়াও আৰ্জিব নোৱাৰি ।

মুখ মচিবলৈ যিমানেই ৰুমাল, গামোচা ব্যৱহাৰ নকৰা কিয় মাৰ চাদৰখনৰ ঠাই কোনেও লব নোৱাৰে ।

 

সময় আৰু শিক্ষক দুয়োটাই শিকায় কিন্তু পাৰ্থেক্য মাথো এয়ে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায় ।

পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু পুৰুষৰ বিবেক আৰু নাৰীৰ সুন্দৰতা ।

সেই ঠাইবোৰ বহুত ভালপাওঁ যত গলে মনত অনুভৱ হয় জীৱন আৰু জীৱনৰ সমস্যাবোৰ কিমান ক্ষুদ্ৰতম ।

মিচা কথা কয় মানুহ এজনক অলপ সময়ৰ বানে আনন্দ দিয়াতকৈ সত্য কথা কৈ কষ্ট দিয়াই বহুত ভাল ।

জীৱনৰ কিছুমান সত্য – মাৰ দৰে কোনো নাই, দুখীয়াৰ কোনো বন্ধ নাই , মানুহক সুন্দৰ মন নালাগে সুন্দৰ চেহেৰাহে লাগে, সন্মান টকাৰ আছে মানুহৰ নাই, মানুহে যাক বেছি ভালপাই চিহিতেই বেছি কষ্ট দিয়ে ।

 

এটা সত্য কথা – মানুহে যেতিয়া দুখত পৰে তেতিয়াহে ভগৱানলৈ মনত পৰে ।

সৰু মনেৰে কেতিয়াও ডাঙৰ হব নোৱাৰা আৰু ভগা মনেৰে কোনোদিনে থিয় দিব নোৱাৰা ।

আপুনি আপোনাৰ জীৱনত কিমান সুখী সেইটো ডাঙৰ কথা নহয় , ডাঙৰ কথাটো হল আপোনাৰ বাবে কিমানজন মানুহ সুখী ।

এটা কথা সদায় মনত ৰাখিব – জীৱনত আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰে দুগুণ কষ্ট পাব সেইটো আজি হওক বা কালি ।

দেখাত ভাল হলেই এজন মানুহ ভাল হয় নাযায় । ভাল মানুহে হব বাবে এটা ভাল মনৰ দৰকাৰ ।

 

হাঁহিৰ পাছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে ।

 

কষ্ট পোৱাৰ পাছতো প্ৰতিবাদ নকৰি মনে মনে থকা জন দুৰ্বল নহয়, সেইটো তাৰ মাক-দেউতাকে দিয়া ভাল শিক্ষাৰ পৰিচয় ।

 

নাৰীৰ গাত হাত তোলাতো পুৰুষত্ব নহয়, কোনো বিপদত পৰা নাৰীক সহায় কৰাটোহে আচল পুৰুষত্ব

জীৱনৰ প্ৰতিটো ভুলেই কিবা নহয় কিবা এটা শিকায় যায় ।

 

আপোনাৰ সুখৰ দায়িত্ব একমাত্ৰ আপোনাৰ হাতত,যদি আপুনি ভাবে যে আপোনাক আনে সুখী কৰিব তেন্তে আপুনি সদায় অসুখী হৈয়ে থাকি যাব ।

জীৱন না ভৱিষ্যতত আছে নে অতীতত আছে, জীৱন কেৱল বৰ্তমানৰ এই ক্ষণত আছে অৰ্থাৎ এই ক্ষণৰ অনুভৱেই জীৱন ।

 

কোনোবাই তোমাৰ হাতৰ পৰা কিবা বস্তু কাঢ়ি নিব পৰিলেও তোমাৰ ভাগ্যত থকা একোকে কাঢ়ি নিব নোৱাৰে ।

অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে,কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ ।

 

দিবলৈ দান, লবলৈ জ্ঞান, আৰু ত্যাগ কৰিবলৈ অভিমান সৰ্বশ্ৰেষ্ঠ ।

মনৰ আইনাখন চাফা কৰি ৰাখিবা, নহলে কেতিয়াবা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাব ।

 

সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান ।

 

আমি আমাৰ শত্ৰুক ভাল পাব লাগে , কিন্তু তেওঁলোকৰ সৈতে কোনোধৰণৰ সন্ধি কৰিব নালাগে ।

 

হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায় ।

দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি ।

আপোনাৰ হাতৰ পৰা বস্তু অন্য এজনে কাঢ়ি লব পাৰে কিন্তু আপোনাৰ জ্ঞান খিনি কোনো আপোনাৰ পৰা কাঢ়ি লব নোৱাৰে ।

মই নিজেই অহংকাৰ নকৰোঁ আৰু অহংকাৰ কৰা মানুহক ভালনেপাওঁ ।

আমি কেতিয়াও সুখী হব নোৱাৰো কাৰণ আমি সুখ পোৱাৰ কাৰণে কাম কৰি থাকোঁ, সুখী মনেৰে একো কামেই নকৰোঁ ।

“এদিন সকলো ঠিক হৈ যাব”,এই আশাতেই বন্দী আমিবোৰ ।

কাৰোবাক কষ্ট দি SORRY কোৱাটো বহুত সহজ, কিন্তু নিজেই কষ্ট পাই আনক ক্ষমা কৰি দিয়াটো বহুত কঠিন ।

 

মন পবিত্ৰ হলেই দেহাও পবিত্ৰ হয়, পবিত্ৰ হবলৈ কোনো পবিত্ৰ নদীত স্নান কৰিব নালাগে ।

 

সৎ পথে ভ্ৰমণ কৰিবা, যদিও হয় বা দেৰি ৷ অসৎ নাৰীক কেতিয়াও বিয়া নকৰিবা যদিও তেওঁ হয় বা পৰী ।

নিজৰ জীৱনটো আনৰ বাবে উঁচুৰ্গা কৰি দিব পৰা জনেই হল, আমাৰ মা-দেউতা ।

স্বাৰ্থপৰ পৃথিৱীখনত ভাল হৈ থাকি একো লাভ নাই বুলি জানিও মই বেয়া হব নোৱাৰোঁ, এইয়া মোৰ অভ্যাস নহয়,ই মোৰ ব্যক্তিত্ব আৰু মা-দেউতাৰ সংস্কাৰ ।

বিশ্বাসেৰে ভৰা সেই হাতখন, টকাৰে ভৰা বেগতকৈয়ো বহুত বেছি মূল্যবান ।

যিবোৰ মানুহে তোমাৰ জীৱনৰ সুখ-দুখ সকলোতে লগ দিব, তেওঁলোকে তোমাক সঁচাকৈ ভাল পায় ।

 

কোনোবাই মনত আঘাত কৰিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিবা কাৰণ আঘাত বোৰে অভিজ্ঞতা দিয়ে ।

পৃথিৱীৰ আটাইতকৈ সহজ আৰু সস্তীয়া কাম হল আনক সমালোচনা কৰা ।

 

কৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব ।

কাৰোবাক ভালপোৱাটো ভুল নহয়, কিন্তু ভালপোৱাজনক চকুমুদি বিশ্বাস কৰাটোহে ভুল ।

 

শ্মশান – সকলো অহংকাৰৰ শেষ ।

ক্ষমা হাজাৰ বাৰ কৰিবা কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হলেও চৰিত্ৰ কেতিয়াও সলনি নহয় ।

নিজৰ ঘৰটো ভালেই হওঁক বা ভঙাই হওঁক, নিজৰ ঘৰটোৰ সমান শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায় ।
Assamese Motivational Status

এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।

সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো ।

জীৱনত সফল নহলে বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা, কিয়নো এজোপা লঠেঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।

আপোনাৰ যিমান ডাঙৰ সপোন হ’ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ’ব আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ’ব ।

সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলেই এদিন নহয় এদিন নিশ্চয় পোৱা যায় ।

 

ডাঙৰ আৰু যথেষ্টসংখ্য ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হব নোৱাৰে ।

জ্যোতিষীক হাত দেখুৱাই নিজৰ ভৱিষ্যত চোৱাতকৈ,, নিজৰ কৰ্ম কৰি যাওঁক চাব এদিন সফলতা আপোনাৰ হাতৰ মুঠিত ।

বিশ্বাস বেলেগক নহয় বিশ্বাস নিজক কৰা,কাৰণ বেলেগে তোমাক মাথোঁ উপদেশ দিব, কিন্তু কামবোৰ কৰিব লাগিব তুমি নিজেই ।

সুখৰ নাম জীৱন নহয় , কষ্টবোৰ সহ্য কৰি আগুৱাই যোৱাই হল জীৱন ।

ভুলতো সেইজনেই কৰে যিজনে কিবা এটা কাম কৰে, যিজনে হাত সাৱটি মনে মনে বহি থাকে সেইজনহে কেতিয়াও ভুল নকৰে ।

অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো “প্ৰতিভাৰ অপচয় ঘটে

হাঁহি পাছতহে চকুপানী অভিমানৰ পাছতহে মৰম ৰো কষ্ট কৰা পাছতহে Success হব পাৰি

ধীৰে ধীৰে হওঁক লাগে, কিন্তু আগবাঢ়ি যাবলৈ চেষ্টা কৰাই জীৱনৰ আচল লক্ষ্য।

লক্ষ্যত উপনীত নহলে হতাশ নহবা জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়, এবাৰ নোৱাৰিলে হাজাৰ বাৰ চেষ্টা কৰা নিশ্চয় এদিন জয়ী হবা ।

 

জীৱনত ঘাট প্ৰতিঘাত বোৰে আমাক শিক্ষাহে দিয়ে, বেয়া পৰা আঁতৰি আহিবলৈ বেয়া মানুহৰ পৰা দূৰত থাকিবলৈ ।

জীৱন দুদিনীয়া , তুমি এনেকুৱা কৰ্ম কৰা যিয়েই তোমাক চিৰযুগমীয়া কৰিব ।

 

জীৱনত সফল নহলে বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা, কিয়নো এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।

যেতিয়া জীৱনে কান্দিবলৈ এশটা অজুহাত দিব, তেতিয়া জীৱনক হাঁহি থকাৰ হাজাৰটা অজুহাত দেখুৱাই দিবা ।

 

সফলতাৰ বাবে ভাগ্য নহয়, নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰখা উচিৎ ।

 

আনক আঘাত দি নহয়, আঘাতবোৰ মূৰ পাতি লৈ, জীৱন যুঁজত যুজঁ দি যোৱা হে প্ৰকৃত জীৱন ।

নিজক এনেদৰে গঢ়ি তোলা যাতে, যিয়ে তোমাৰ দোষ উলিয়াই আঁতৰি গল, তেওঁ এটা সময়ত তোমাক বিচাৰি গোটেই জীৱন পস্তাই থাকে ।

কাৰো পৰা একো আশা নকৰিবা, জীৱন যুঁজত নিজৰ ওপৰত ভৰষা কৰি আগবাঢ়ি যোৱা ।

জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা ।

 

সুযোগৰ অপেক্ষাত থকা মানুহবোৰ সাধাৰণ হয় কিন্তু অসাধাৰণ ব্যক্তিবোৰ নিজে সুযোগ গঢ়ি তোলে ।

যেতিয়ালৈকে আপুনি আপোনাৰ কঠিন পৰিস্থিতি আৰু সমস্যাৰ বোৰৰ বাবে আনক জগৰীয়া কৰি থাকিব, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যাবোৰৰ সমাধান কেতিয়াও কৰিব নোৱাৰে ।

যেতিয়া আপুনি আপোনাৰ চিন্তাধাৰা ডাঙৰ কৰি লব । তেতিয়াৰ পৰা ডাঙৰ ডাঙৰ মানুহ আপোনাৰ কথা ভাবিবলৈ আৰম্ভ কৰি দিব ।

তেওঁলোকৰ বাবে সুখত থাকা, যি সদায় তোমাৰ দুখ হোৱাটোৱেই বিচাৰে ।

পৰিৱৰ্তনে কেৱল মানুহৰ আচৰণই সলনি নকৰে চিন্তাধাৰাও যথেষ্ট সলনি কৰি দিয়ে ।

 

আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায় ।

 

 

যদি তুমি সপোন দেখিব পাৰিছে তেন্তে সেই সপোন ফলিয়াবও পাৰিবা ।

 

উশাহবোৰ শেষ নোহোৱালৈকে নিজৰ সৈতে যুজঁ কৰায়ে হল ‘ জীৱন ‘।

 

আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই , ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হব ।

সফল মানুহৰ মুখৰিত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে “হাঁহি” আনটো “মৌনতা” ।

যি হৈ গল ভাল হল । যি হৈ আছে, ভাল হৈ আছে । আৰু যি হব , ভাল হব ।

তোমাৰ যাত্ৰা পথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে, হতাশ নহবা । সিহঁত আঁতৰি যোৱাৰ মূলতে হল, এই যাত্ৰা পথ তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য ।

ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পাই কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব ।

তোমাৰ জীৱনৰ আটাইটকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল’ব নোৱাৰে ।

 

থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।

জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু, যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব ।

সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু , সমস্যাৰ সন্মুখীন হৈ , জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।

Assamese Funny Status

Single কেইটা দুখত আছে Relationshipত থকা কেইটাই কাজিয়া কৰি আছে Dhoka খোৱা কেইটাই কান্দি আছে কিন্তু মিহি মিহিকে সকলোৰে চেনি খাই থকা কেইটা বিন্দাচ আছে ।

 

জীৱনৰ মূল্য সদায় মৃত্যুৰ পাছতহে বাঢ়ি যায় সেইদিনাই গম পালোঁ , যিদিনা মুৰ্গী বেপাৰিটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি ১০০ টকা, আৰু কটা মুৰ্গীৰ কেজি ২০০ টকা ।

ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্তু Birthday পাহৰিলে তোমাক মাৰি পেলাব ।

চাল্লা এটা কথা বুজি পোৱা নাই ইমান Prince আৰু Princess মোগলৰ সময়তো নাছিল যিমান এতিয়া Facebook ত দেখা পোৱা যায় ।

পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ Girlfriend ৰ বাপেকে Blank Cheque এখন দি ক’লে হয় ইয়াত Amount লিখি ল’ আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা ।

যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি Traffic Policeৰ Checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল ।

নিজৰ Girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা আৰু Petrol Pump ৰ কাষত চিগাৰেট খোৱা একেই কথা ।

আজিকালিৰ প্ৰেম Bluetooth ৰ নিচিনা ওচৰলৈ আহিলে Connected দূৰলৈ গলে Searching For a New Device

যিমানে Mountain Dew নোখোৱা কিয়, ভয় লাল খালেহে দূৰ হয় |

Single বিলাকৰ অন্য কিবা থাকক বা নাথাকক, শান্তিৰে শুব পৰা ৮ ঘণ্টা সময় কিন্তু থাকে ।

 

আপুনি জানেনে প্ৰেম কৰাৰ বয়সত প্ৰেম নকৰাটো এটা অপৰাধ ।

SPEED ত মেছেজৰ REPLY কৰিব পৰাটো এটা কলা, যিটো অকল আমাৰ SINGLE বোৰৰ হে আছে ।

আমি SINGLE মানুহ, জান, সোণ, বাবু , জানু কবলৈ মবিলেটো এ একমাত্ৰ ।

পঢ়া শুনাৰ CERTIFICATE যিমানেই ভাল নকৰা কিয়, সময়ত কিন্তু CAST CERTIFICATE খনহে কামত আহে ।

এসময়ৰ কথা – গধূলি হোৱাৰ লগে লগে মইও কিতাপ পঢ়িছিলোঁ ।

 

I HAVE A গভীৰ প্ৰশ্ন – চুমা খাই নে দিয়ে ?

FACEBOOK আৰু WHATSAPP চলোৱাৰ নামত যদি চৰকাৰে পুৰস্কাৰ দিলে হয়, তেন্তে, প্ৰথম পুৰস্কাৰ মই পালো হয় ।

যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু যাৰ GF ASE সি শান্তি বিচাৰি ফুৰে ।

ফেচবুকত ছোৱালী পতাই বিয়া কৰাটো বিয়া নবোলে, ONLINE SHOPPING বোলে ।

ডাঙৰ মানুহ হবলৈ একো কৰিব নালাগে, Message Seen কৰি reply নকৰিলে হল ।

Assamese Friendship Status

আঘাত দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি, ঠিক একেদৰে বিপদত পাৰিলেহে বন্ধু চিনি পাব পাৰি ।

বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয় কিন্তু বুজাব নোৱাৰা এটা অনুভৱ ।

 

এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে কিন্তু বিপদৰ সময়ত প্ৰথমে মাতষাৰ দিয়ে ।

এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।

বন্ধুত্ব এটা সম্পৰ্ক নহয়, ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ ।

প্ৰেমিক প্ৰেমিকা কেতিয়াও এজন সৎ বন্ধু সমান হব নোৱাৰে লগতে সেই স্থান পূৰ কৰিব নোৱাৰে ।

বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত কথা বুজি পাই ।

 

বন্ধুত্ব যি সুখবোৰ দুগুন কৰে আৰু দুখবোৰ এগুণ কৰে ।

বন্ধুত্ব হৃদয়ৰ নিভৃত কোণৰ নিভাঁজ অনুভূতি, যিবোৰ কোনোদিন কিনিব বা বিক্ৰী কৰিব পৰা নাযায় ।

 

Dosti এনেকুৱা হব লাগে যে, কলেজৰ গেটত ৰৈ থকা গাৰ্ড জনেও সোধে, “কি হল ? আজি পাৰ্টনাৰ নাই নেকি ?”

বন্ধু মানে এজন কৃপন, এজন গাধ, এজন লাজকুৰীয়া,এজন পণ্ডিত, এজন এলেহুৱা, এজন দেৱদাস আদিৰে মিলি এটা দল ।

 

অপ্ৰয়োজনতো যি তোমাৰ কাষত থাকে, তেঁওয়াই তোমাৰ প্ৰকৃত বন্ধু ।

 

কিছুমান ভাল বন্ধু, ফেচবুকতো পোৱা যায় ।

কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়,বিপদৰ সময়ত কাষত থকাজনেই প্ৰকৃত আপোন ।

সকলো ভালপোৱাই প্ৰেম নহয়, কিছুমান ভালপোৱা বন্ধুত্বও হয় ।

 

সুখৰ সময়ত মানুহৰ প্ৰয়োজন নাই, বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন, যিয়েই বিপদৰ সময়ত থাকে তেওঁহে আচল বন্ধু ।

 

বন্ধু সেইজন নহয়, যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে, প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হলেও, তোমাৰ লগ দিয়ে ।

 

জীৱনত মাত্ৰ দুজন বন্ধু লাগে – এজন কৃষ্ণৰ দৰে, যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে, যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।

 

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।

প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি ,ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি ,কষ্ট যিমানেই হওঁক সুখ তুমি, তোমাক যিমানেই খং নকৰোঁ কিয়, তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি ।

মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো, অবুজ হব পাৰো, অখ্যাত হব পাৰো, ক’লা হব পাৰো, কিন্ত্ত মোৰ মা’ৰ বাবে, মইয়ে শ্রেষ্ঠ সন্তা

Advertisement

Leave a Reply

Your email address will not be published. Required fields are marked *